Assamese Motivation Quite

লিখা-পঢ়া কৰি চাকৰি গোটাব লাগিব, অলপ বেছি ভাল হ’লে ডাক্তৰ- ইঞ্জিনিয়াৰ হ’ব লাগিব--- এনে চিন্তাই যিকোনো সাধাৰণ মধ্যবিত্ত মনক আচ্ছন্ন কৰি ৰাখে। ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটোও চাকৰিয়েই। অলপ ডাঙৰ ধৰণৰ চাকৰিৰ চিন্তা। লিখাপঢ়া কৰি ভালকৈ খেতিবাতি কৰিব পাৰি , নাইবা ভাল নাও সাজি ব্রহ্মপুত্র পাৰ হোৱাৰ কামটো সহজ কৰি তুলিব পাৰি এনে কথা কোনেবাই ভাৱিলেও তেওঁক লৈ আত্মীয়-বন্ধু সকলে হাঁহিব। অথচ অসম তথা ভাৰতবর্ষৰ কৃষি আৰু নদী নির্ভৰতাৰ কথা মনত ৰাখি এনেদৰে ভাবিব পাৰিব লাগিছিল। সামাজিক সংস্কাৰ অনুসৰি যদি এইবোৰক সৰু কাম বুলি ভাৱিও লও, তথাপিও আমাৰ যিসকলে ডাক্তৰ –ইঞ্জিনীয়াৰ হোৱাৰ কথা ভাবে ; তেও লোকেও কেঞ্চাৰ বেমাৰৰ ঔষধ ওলিয়াব বুলি সপোন নেদেখে নাইবা মঙ্গল গ্রহত ভৰি দিয়াৰ কথাও নাভাবে। যেনিবা এইবোৰ আমাৰ কাম নহয়, এই বোৰৰ কাৰণে আমি বগা চাহাবসকলক দায়িত্ব দি থৈছো। তেওঁলোকে কৰিব। আমি কিয় এনেকৈ ভাবো, সেয়া এক স্বতন্ত্র অধ্যয়নৰ বিষয় হ’ব পাৰে। বোধ কৰো আমাৰ সমাজখন প্রধানত: কৃষিনির্ভৰ সমাজ । আমি ইয়াতকৈ বেছিকৈ ভাৱিবও নোৱাৰো। চাকৰি কৰি টকা ঘটাৰ চিন্তাই কেৱল নাথাকে, লগতে থাকে সামাজিক সন্মানৰ স্তৰ উন্নীত কৰাৰ চিন্তা। লিখাপঢ়া কৰি মানুহ হোৱাৰ যিবোৰ কথা আমি শুনি থাকো—এই কথাৰ বাস্তৱ অর্থ এয়াই। উন্নত চৰিত্রৰ মানুহ হোৱাৰ চিন্তাও আমাৰ অধিকাংশৰ নাথাকে। থাকিলে চাকৰি কৰা মানুহৰ মাজত দুর্নীতিগ্রস্ত খুবেই কম থাকিলেহেতেন। যিকি নহওক, আমাৰ পঢ়াশুনাক এইবোৰ চিন্তাই প্রভাৱিত কৰে।


এতিয়া প্রকৃত কথাটো হ’ল, জীবনটোক আমি কেনেকৈ গঢ় দিব বিচাৰো। যিহেতু আমাৰ জন্মক আমি নির্ধাৰণ কৰিব নোৱাৰো, মৃত্যুক আমি ৰচনা কৰিব বিচাৰো। মৃত্যুও কাৰ কেতিয়া, কেনেকৈ হয় কোনেও নাজানে। কিন্তু ইয়াক বিলম্বিত কৰা, জীৱনটোক প্রলম্বিত কৰা আৰু নিজ ইচ্ছামতে ইয়াক গঢ় দিয়াৰ চিন্তা সকলএজন ছাত্রই পঢ়িব নিশ্চয়, কিন্তু তেওঁ কিয় পঢ়িব?
আচলতে, মনোযোগ আৰু কঠোৰ পৰিশ্রমেৰে পঢ়াশুনা কৰিলে, যিকোনো ছাত্র বা ছাত্রীয়েই ভাল ফলাফল দেখুৱাব পাৰে। কথাটো ইমান সহজ হোৱা হ’লে অধিকাংশ ছাত্র-ছাত্রীয়েই সেয়া কৰিলেহেতেঁন। তেতিয়া হয়তো বেয়া ছাত্র বা অনুত্তীর্ণ ছাত্র বুলি কোনো নাথাকিলেহেতেঁন, নাইবা থাকিলেও সেই সংখ্যা হ’লহেতেঁন নিচেই তাকৰ। বহুতে অবশ্যে ভাগ্যৰ ওপৰত বিশ্বাস কৰিও কঠোৰ পৰিশ্রম নকৰাকৈ থাকে। বিশেষকৈ যিসকলৰ দাৰিদ্র্য নাইবা সাংসাৰিক দায়-দায়িত্ব ইমানেই বেছি যে লিখা-পঢ়া কৰা কামটো,তেওঁলোকৰ বাবে কোনোপধ্যেই প্রাথমিকতাৰ মাজত নাথাকে। দেখাত, তেওঁলোকে স্কুল কলেজত নাম ভর্তি কৰে যদিও, ঘৰতো তাৰ বাবে হেঁচা কম নাথাকে । তথাপি, তেওঁলোকৰ অৱচেতন মনত দাৰিদ্র্য নাইবা সাংসাৰিক দায় - দায়িত্ব, কিম্বা বাধা-বিঘিনি নেওঁচি লিখাপঢ়া কৰাৰ কামটো কম গুৰুত্বপূর্ণ হৈ থাকে। কিন্তু আমি কঠোৰ পৰিশ্রম কৰা বহুতকে আশানুৰূপ ফল কৰা নেদেখো। ইয়াৰ ৰহস্য বুজি নেপোৱাত বহুতে পিছৰ কালত হতাশ হৈ পৰে। তেওঁলোকক লক্ষ্য কৰি আনকো হতাশ হৈ পৰা আমি দেখো। সহপাঠি সকলৰ পৰস্পৰে পৰস্পৰক প্রভাৱিত কৰা কথাটোত আমাৰ সকলোৰে কিবা নহয় কিবা এটা অভিজ্ঞতা জড়িত হৈ আছে।

নিজৰ ল’ৰা নাইবা ছোৱালীয়ে পঢ়াশুনা নকৰে—এই আক্ষেপ বহুতো অভিভাবকৰে থাকে। তাৰবাবে সন্তানক গালি শপনিও দিয়ে। শিক্ষক –শিক্ষয়িত্রী সকলেও তাত যোগ দিয়ে। কাম একো নহয়। বৰঞ্চ নিজৰ ভাগ্য, নিজৰ মেধা সম্পর্কে ছাত্র-ছাত্রীৰ হতাশা বাঢ়িয়েই গৈ থাকে। পঢ়াশুনা কৰ---বুলি ক’লে অধিকাংশই ইমান কঠিন কাম নকৰিবও পাৰে। তাৰ আগতে এজনৰ ওচৰত দায়বদ্ধ হৈ থাকিব লগা কামটো তেওঁ কৰিব কিয়?আৰু কেনেকৈ কৰিব?স্মৃতিশক্তি অটুট ৰখা তথা বৃদ্ধি কৰাৰ ২৫টা কৌশল উল্লেখ কৰা হ’ল-
 

সাতটা বাদাম বাকলিৰে সৈতে এৰাতি আয়নাৰ পাত্ৰত পানী এবাতিত তিয়াই ৰাখক। পুৱা বাদামৰ বাকলি এৰুৱাই বাট ল’ব। যদি আপুনি চকুৰে কমকৈ দেখে, তেন্তে তাৰ সৈতে চাৰিটা জালুক বটি ল’ব। ইয়াক ২৫০ মিঃলিঃ উতলা গৰম গাখীৰৰ সৈতে মিহলাই দিয়ক। কিছু সময় গৰম কৰাৰ পিছত নুমাই লওক। এচামুচ ঘিউ আৰু দুচামুচ চেনি মিহলাই ঠাণ্ডা হ’বলৈ দিয়ক। খোৱাৰ উপযোগী গৰম হ’লে ইয়াৰ সেৱন কৰক। এইদৰে ১৫ৰ পৰা ৪৯ দিনলৈ এই গাখীৰ খালে দুৰ্বল মস্তিষ্ক আৰু স্মৃতিশক্তি সবল হোৱাৰ উপৰি শৰীৰো শক্তিশালী হ’ব। এই মিশ্ৰণ বীৰ্যবৰ্ধক। এই বাদামৰ গাখীৰ ঠাণ্ডাৰ দিনত বিশেষ লাভদায়ক হোৱাৰ উপৰি অত্যধিক মানসিক শ্ৰম কৰা ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত উপযোগী। পুৱা খালী পেটত এই গাখীৰ খালে প্ৰায় দুঘন্টা সময় একো খাব নেলাগে।
যদি ওপৰত উল্লেখ কৰা বাদামৰ গাখীৰ প্ৰস্তুত কৰাত অসুবিধা পায়, তেন্তে সাতটা তিয়াই থোৱা বাদামৰ বাকলি এৰুৱাই চাৰিটা জালুকৰ সৈতে বটি বা এটাকৈ বাদাম প্ৰতিদিনে পুৱা চোবাই খাই পিছত কুহুমীয়া গাখীৰ সেৱন কৰিলেও স্মৃতি শক্তি বৃদ্ধি হয়। আনহাতে চকুৰ ভালেমান ৰোগ, যেনে- চকুৰ পৰা পানী ওলোৱা, চকুৰ পৰা ফেচকুৰি ওলাই থকা আদি ৰোগৰ পৰা মুক্তি পোৱা যায়।
তিনি গ্ৰাম শংখপুষ্পীৰ গুড়ি গাখীৰৰ সৈতে প্ৰায় চাৰি সপ্তাহ খালে স্মৰণ শক্তি বৃদ্ধি হয়।
স্নায়ু তন্ত্ৰৰ দুৰ্বলতাৰ ফলতো স্মৃতিশক্তি দুৰ্বল হয় আৰু সোনকালে পাহৰি যোৱাৰ সমস্যাই দেখা দিয়ে। আমলখিৰ মোৰাব্বা দহি গ্ৰাম পুৱা খালী পেটত ভালদৰে চোবাই খালে মস্তিষ্কই শক্তি লাভ কৰে আৰু স্নায়ুতন্ত্ৰ শক্তিশালী হয়। ফলত স্মৃতিশক্তি প্ৰখৰ হয় আৰু মানসিক একাগ্ৰতা বৃদ্ধি হয়। তদুপৰি মানসিক দুৰ্বলতাৰ ফলত হোৱা মূৰ ঘূৰণি নাইকিয়া হয়।
বাদাম, চফু আৰু মিচিৰি সমান মাত্ৰাত লৈ ভাআজিকালি প্ৰায় প্ৰত্যেকজন লোকৰে স্মৃতিশক্তি কম হোৱা অথবা স্মৃতিশক্তি দুৰ্বল হোৱা সমস্যাই দেখা দিয়ে-
 

কামৰ অধিক বোজা আৰু অত্যাধিক দায়িত্বই মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰাৰ অন্যতম কাৰণ। অত্যধিক ব্যস্ত জীৱন শৈলীয়ে মস্তিষ্কত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। সচৰাচৰ দেখা যায় যে যিসকল লোকৰ হাতত সময় কম থাকে বা যিসকল লোকে লৰালৰিকৈ কাম কৰে, তেনে লোকৰ কামত প্ৰায়ে ভুল হোৱা নাইবা কোনো প্ৰয়োজনীয় বস্তু পাহৰি যোৱা দেখা যায়। তদুপৰি মনৰ চঞ্চলতায়ো স্মৰণ শক্তিক প্ৰভাৱিত কৰে।

যিসকল লোকে অত্যধিক মানসিক শ্ৰম কৰে, সেইসকল লোকৰ প্ৰায়ে স্মৰণ শক্তি দুৰ্বল হোৱাৰ অভিযোগ শুনা যায়। অতিৰিক্ত মানসিক অৱসাদ, পাচন তন্ত্ৰৰ বেমেজালি, শাৰীৰিক আৰু মানসিক শক্তিৰ দুৰ্বলতা, মাজে মাজে হোৱা জ্বৰ, জন্মৰ সময়ত হোৱা মস্তিষ্কৰ ৰোগ, দীৰ্ঘদিনীয়া বেমাৰ আদিৰ ফলত স্মৰণ শক্তি হ্ৰাস হৈ যোৱা দেখা যায়। কেতিয়াবা শৰীৰত তেজৰ পৰিমাণ কম হ’লেও স্মৰণ শক্তি দুৰ্বল হ’ব পাৰে।

স্মৃতিশক্তি কম হোৱাৰ ফলত এজন ব্যক্তিয়ে যিকোনো কথা খুব সোনকালে পাহৰি যোৱা পৰিলক্ষিত হয়। মগজুত জোৰ দিয়াৰ পিছতো ভবা কথাটো বা কোৱা কথাটো মনত পেলাব নোৱাৰে। আনহাতে পঢ়া-শুনা বা লিখা কথাবোৰো পাহৰি যোৱা যায়। চিনাকি লোকৰ প্ৰতিচ্ছবি মগজুৰ পৰা আঁতৰি যায় আৰু বহু সময় ধৰি মগজুৰ ওপৰত জোৰ দিয়াৰ পিছতহে ব্যক্তিজনক চিনিব পৰা যায়। আনহাতে গৰ্ভাৱস্থাত যিসকল মহিলাই উপযুক্ত পুষ্টিৰ যোগান নেপায়, তেওঁৰ গৰ্ভস্থ শিশুটিও কু-পোষণত আক্ৰান্ত হয়। ইয়াৰ প্ৰভাৱ শিশুটিৰ মস্তিষ্কত পোনপটীয়াকৈ পৰে। ফলত শিশুটিৰ স্মৃতিশক্তি দুৰ্বল হয়গৈ।

স্মৃতিশক্তি দুৰ্বল অথবা হ্ৰাস হোৱাৰ বহু কু-প্ৰভাৱৰ বিষয়ে আমি গম পালো। সেয়ে স্মৃতিশক্তি বৃদ্ধি কৰি ৰখাৰ প্ৰয়াস চলাব লাগে।মনত ৰখাৰ কৌশল :
 
দূৰদৰ্শনৰ পৰ্দাত সঘনাই দেখা পোৱা বিজ্ঞাপনবোৰৰ ভিতৰত অন্যতম হ’ল ‘ব্ৰেনোলিয়া টনিক’ দৈনিক ব্ৰেনোলিয়া খাওক আৰু স্মৃতিশক্তি প্ৰখৰ কৰক। সৰুতে আমিও ভাবিছিলোঁ এই ধৰণৰ টনিক, ব্ৰাহ্মী শাকজাতীয় বস্তুবোৰে মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰে। কিন্তু সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা নকৰি কেৱল এই টনিকসমূহৰ জৰিয়তে নিজৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰিবনে? সাধাৰণ ৰাইজৰ মাজত থকা এই ভ্ৰান্ত ধাৰণাবোৰ সলনি কৰাৰ হয়তো প্ৰয়োজন আহি পৰিছে।
স্মৃতিশক্তি(Memory) হ’ল কোনো এক তথ্য ধৰি ৰখা(Retain) আৰু প্ৰয়োজনৰ সময়ত তাক পুনঃস্মৰণ(Recall) কৰাৰ ক্ষমতা। মানুহৰ স্মৃতিশক্তিক প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি- Sensory memory, Short term memory আৰু Long term memory। ইয়াৰে Sensory memory মাত্ৰ ১ ছেকেণ্ডৰ বাবে আৰু Short term memory ৩০ ছেকেণ্ডৰ বাবেহে থাকে। আনহাতে, Long term memory সমগ্ৰ জীৱনব্যাপী আমাৰ লগত থাকে। কোনো কথা মনত ৰাখিবৰ বাবে আমি প্ৰথমে মনোযোগ দি সেই উদ্দীপকবিধক সংকেতন ৰূপে নিজৰ মগজুত সংগ্ৰহ কৰোঁ আৰু প্ৰয়োজনৰ সময়ত তাক ব্যৱহাৰ কৰোঁ।
কৰ্মসূত্ৰে বহু লোকে আমাৰ ওচৰলৈ স্মৃতিশক্তিৰ লগত জড়িত অসুবিধাসমূহ লৈ আহে। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলোৰে সমস্যা ভিন্ন যদিও ছাত্ৰ কালছোৱাত কিছু সাধাৰণ অসুবিধা দেখা যায়। যেনে- ‘পঢ়া-শুনাত মনোযোগ কমি গৈছে’, ‘পঢ়া মনত নাথাকে’, ‘আগেয়ে পঢ়াখিনি পৰীক্ষাৰ আগত পাহৰি যোৱা’ ইত্যাদি। পঢ়া বস্তু এটা মনত নথকাৰ বহুতো কাৰণ থাকিব পাৰে। কথা পাহৰি যোৱাৰ মূল কাৰণ হৈছে প্ৰয়োজনীয় তথ্যসমূহ ভালদৰে মগজুত পঞ্জীয়নবদ্ধ(Register) নকৰা। ই দুই ধৰণে সম্ভৱ হ’ব পাৰে। প্ৰথম, যদিহে ছাত্ৰ-ছাত্ৰীসকলে মূল বিষয়বস্তুটো নুবুজি কেৱল মুখস্থৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিতীয়তে, যদি তেওঁলোকে পঢ়া বস্তুখিনি

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support